লকডাউনত ৰাজ্যপালে লিখি উলিয়ালে ১৩ খনকৈ গ্ৰন্থ! মুঠ গ্ৰন্থৰ সংখ্যা ১২১

লকডাউনত ৰাজ্যপালে লিখি উলিয়ালে ১৩ খনকৈ গ্ৰন্থ! মুঠ গ্ৰন্থৰ সংখ্যা ১২১

August 7, 2020 0 By NEWS DESK

নিউজ ডেস্ক,মিজােৰাম। কৰণা মহামাৰীৰ বাবে দেশে পালন কৰিলে প্ৰায় দীৰ্ঘদিনীয়া লকডাউন।

এই লকডাউনৰ সময়ছোৱাত আপুনি কি কৰিলে?

আপোনালোকৰ বহুতেই ছাগৈ পৰিয়ালৰ লগত কটালে, খালে, শুলে, টিভি নাইবা ম’বাইলত চিনেমা চালে, কিতাপ পঢ়িলে, বাগিচাত লাগিলে নহয় নে ?

কিন্তু এজন ৰাজ্যপালে এই দীঘলীয়া লকডাউনৰ সময়চোৱাত কি কৰিলে জানেনে?

তেওঁ সেই সময় অথলে যাবলৈ নিদি লিখি উলিয়ালে কবিতাপুথি সহ ১৩ খনকৈ গ্ৰন্থ।

ইংৰাজী আৰু মালয়ালম ভাষাত লিখি উলিয়ালে এই গ্ৰন্থ কেইখন।

তেওঁ হ’ল মিজোৰামৰ ৰাজ্যপাল পি এছ শ্ৰীধৰন পিল্লাই।

এই সন্দৰ্ভত ৰাজ্যপাল গৰাকীয়ে কয় লকডাউনৰ সময়চোৱাত ৰাজভৱনলৈ সকলো লোকৰ প্ৰৱেশ নিষেধ আছিলে।

যিয়ে তেওঁক সকলোৰে পৰা আঁতৰত ৰাখিলে। সেয়েহে সেই সময়ে তেওঁক কিতাপ পঢ়িবলৈ আৰু লিখিবলৈ যথেষ্ট সময় দিলে।

পুৱা ৪ বজাত উঠাৰ পৰা তেওঁ কিতাপ অধ্যয়ন কৰে আৰু নিজৰ চৰকাৰী কৰ্তব্য সম্পাদন কৰি নতুন কিতাপ লিখিবলৈ আৰম্ভ কৰে।

এইয়া তেওঁৰ কাৰণে লকডাউনৰ যোগাত্মক দিশ বুলি কয়।

“কৰণা কবিতাকাল” হৈছে তেওঁৰ কৰণা মহামাৰীৰ সময়ৰ বিভিন্ন বিষয় সন্দৰ্ভত লিখা কবিতা পুথি।

ইয়াৰে ‘মহামাৰী’ কবিতাটোত কৰণা মহামাৰীত মানুহৰ জীৱন আৰু সম্পত্তিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিলে তাকে প্ৰতিফলিত কৰিছে।

‘য়ুহান’ কবিতাটোত কৰণাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কথা বৰ্ণনা কৰিছে। ‘অ মিজোৰাম’ত পাহাৰীয়া ঠাইখনৰ নান্দনিক পৰিৱেশ বৰ্ণনা কৰিছে।

প্ৰায় ১২১ খন গ্ৰন্থ এতিয়ালৈকে লিখিছে তেওঁ। যোৱা শনিবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই তেওঁৰ দুখন গ্ৰন্থ উন্মোচন কৰে।

অহা শনিবাৰে তেওঁৰ অন্য দুখন গ্ৰন্থ Republic Day 2020 আৰু Thus Speaks The Governor গুৱাহাটী উচ্চ ন্যায়ালয়ত উন্মোচন কৰা হব বুলিও জানিবলৈ দিয়ে।