সাজু থাকক! অসমৰ বায়ু সেনা ঘাটিত ভ্ৰমণ কৰি ক’লে ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ মুৰব্বী মাথুৰে

সাজু থাকক! অসমৰ বায়ু সেনা ঘাটিত ভ্ৰমণ কৰি ক’লে ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ মুৰব্বী মাথুৰে

August 8, 2020 0 By NEWS DESK

নিউজ ডেস্ক। ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে প্ৰতিবেশী ৰাষ্ট্ৰ চীনে।

চীনৰ শেহতীয়া আগ্ৰাসী ভূমিকাৰ বিৰুদ্ধে কঠােৰ স্থিতি লৈছে ভাৰত চৰকাৰেও।

সেয়েহে যিকােনো পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ ভাৰত চৰকাৰে ইতিমধ্যে সেনা বাহিনীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে।

এই নিৰ্দেশৰ পাছতে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ঘনে ঘনে আগমন ঘটিছে সেনাৰ শীৰ্ষ বিষয়া বৰ্গৰ।

স্থলসেনাৰ মুৰব্বী নাৰাৱনেৰ তেজপুৰ ভ্ৰমণৰ সময়তে অসমৰ বায়ু সেনাৰ ঘাটিসমূহ ভ্ৰমণ কৰিলে বায়ু সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীয়ে।

কাছাৰৰ কুম্ভিৰগ্ৰাম বায়ু সেনাৰ ঘাটি, ডিব্ৰুগড়ৰ মােহনবাৰী বায়ু সেনা ঘাটি তথা দিনজান বায়ু সেনা ঘাটি পৰিদৰ্শন ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ মুৰব্বী এয়াৰ মাৰ্শ্বাল আৰ ডি মাথুৰ।

বিষয়াজনে বায়ু সেনা বাহিনীৰ অভিযান আৰু অনুসন্ধান সম্বন্ধীয় পৰ্যালোচনা বৈঠকত অংশ লয়।

লগতে কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ উৎসাহ বৃদ্ধি কৰে।

ক’ভিড-১৯ ৰ সময়ছোৱাৰ প্ৰতিবন্ধকতাৰ মাজতো বাহিনীটােৰ বিষয়া-কৰ্মচাৰীসকলে লোৱা পদক্ষেপক প্ৰশংসা কৰাৰ লগতে আগন্তুক হব পৰা সকলো নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নিজকে সাজু কৰি ৰাখিবৰ বাবে সকলোকে আহ্বান জনায় এয়াৰ মাৰ্শ্বালজনে।