মহানগৰীৰ মাজমজিয়াত বন গাহৰিৰ তাণ্ডৱত আহত ৮, নিধন

মহানগৰীৰ মাজমজিয়াত বন গাহৰিৰ তাণ্ডৱত আহত ৮, নিধন

August 9, 2020 0 By NEWS DESK

নিউজ ডেস্ক। শনিবাৰে পুৱা বনৰীয়া গাহৰিয়ে তাণ্ডৱৰ সৃষ্টি কৰে গুৱাহাটী মহানগৰীত।

গাহৰিটো প্ৰথমতে পুৱা ৮:১০ বজাত প্ৰৱেশ কৰে গুৱাহাটী প্ৰেছ ক্লাবত।

প্ৰেছ ক্লাবৰ কৰ্মচাৰী ৰাজেন বাস্ফৰক আক্ৰমণ কৰে গাহৰিটোৱে।

UB Photos

কৰ্মচাৰীজনে ভৰি, মূৰ, পেটত গুৰুতৰ ভাৱে আঘাত পায়।

ইয়াৰ পিছতেই গাহৰিটো পুৰাতত্ত্ব সঞ্চালকালয় চৌহদত প্ৰৱেশ কৰি ২ জন কৰ্মচাৰী আৰু অসম বস্ত্ৰ উদ্যোগ প্ৰতিষ্ঠানৰ চৌহদত প্ৰৱেশ কৰি এজন কৰ্মচাৰীক আক্ৰমণ কৰে।

UB Photos

আহত আটাইকেইজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, মহেন্দ্ৰ মোহন চিকিৎসালয় আৰু উইন্ত্ৰব চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।

অৱশ্যে গাহৰিটো কৰ পৰা কেনেকৈ প্ৰৱেশ কৰিলে সেই কথা এতিয়াও সন্ধান পোৱা নাই। এই সমগ্ৰ ঘটনা আবদ্ধ হয় চিচি টিভি কেমেৰাত।

UB Photos

গাহৰিটাে ব্ৰহ্মপুত্ৰত উটি অহা বুলি সন্দেহ কৰিছে বন বিভাগে।

ইপিনে, প্ৰেছক্লাৱৰ পাছফালে থকা কালীবাৰী ৰে’লৱে ক’লনিতাে সন্ত্ৰাসৰ সৃষ্টি কৰি ৪ জনক আহত কৰে।

একাংশ স্থানীয় লােকে গাহৰিটােক নিধন কৰে বুলি জানিব পৰা গৈছে।