ভাল খবৰ ! ৰাজ্যৰ ১৭ লাখ পৰিয়ালক প্ৰতিমাহে চৰকাৰে দিব ৮৩০ টকাকৈ…

ভাল খবৰ ! ৰাজ্যৰ ১৭ লাখ পৰিয়ালক প্ৰতিমাহে চৰকাৰে দিব ৮৩০ টকাকৈ…

August 12, 2020 0 By NEWS DESK

ৰাজ্যৰ ১৭ লাখ পৰিয়ালক প্ৰতিমাহে দিয়া হ’ব ৮৩০ টকাকৈ ।

জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই ঘোষণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অৰণোদয় আঁচনি ৰূপায়নৰ বিভিন্ন দিশ সামৰি এই সংবাদমেল ।

এতিয়াৰে পৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক প্ৰতিমাহে প্ৰদান কৰা হব আৰ্থিক সাহায্য ।

প্ৰতিটো পৰিয়ালক প্ৰতিমাহৰ ১ তাৰিখে প্ৰদান কৰা হব ৮৩০টকাকৈ ।

চলিত মাহৰ ২ অক্টোবৰৰ পৰা আৰম্ভ হব এই নতুন আচনি ।

১৭ আগষ্টৰ পৰা আচঁনিখনৰ কাম আৰম্ভ হব ।

সেই অনুসৰি প্ৰতিমাহত দালি কিনিবৰ বাবে এটা পৰিয়ালক প্ৰদান কৰা হব ২০০টকা ।

প্ৰতিমাহে চেনী কিনিবৰ বাবে প্ৰদান কৰা হব ৮০টকা ।

বৃদ্ধলোকক ফলমূল কিনিবৰ বাবে প্ৰদান কৰা হব ১৫০টকা ।

এই আঁচনিখনৰ হিতাধীকাৰীৰ পুৰুষৰ পৰিৱৰ্তে মহিলা হব লাগিব ।

২লাখতকৈ কম ভোটাৰ থকা সমষ্টিত ১৫হাজাৰ পৰিয়ালে লাভ কৰিব এই আচনিৰ সুবিধা ।