
বাংগালুৰুত বন্ধ কোঠাত উদ্ধাৰ নগাঁৱৰ যুৱতীৰ ৰক্তাক্ত মৃতদেহ !
August 12, 2020পুনৰ বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যুক সাৱটিলে অসমৰ যুৱতীয়ে ।
মৃত যুৱতীগৰাকী নগাঁও চহৰৰ পানীগাঁও ছয়আলিৰ নিবাসী প্ৰয়াত শৰৎ বৰা আৰু ৰীতা বৰাৰ একমাত্ৰ কন্যা পৰিণীতা বৰা বুলি চিনাক্ত কৰা হৈছে ।

এয়াৰ এছিয়া নামৰ বিমান পৰিবহণ সংস্হাটোত কৰ্মৰত আছিল ২৫ বছৰীয়া পৰিণীতা বৰা ।
অৱশ্যে কেনেকৈ যুৱতীগৰাকীৰ মৃত্যু হ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই ।
স্বাভাৱিক মৃত্যু নে ই এক হত্যাকাণ্ড সেই সন্দৰ্ভত বাংগালুৰু আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে ।