ফেচবুক আৰু টিক্ টকৰ ওপৰত ১০% ভেট্ আৰোপ!

ফেচবুক আৰু টিক্ টকৰ ওপৰত ১০% ভেট্ আৰোপ!

August 7, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। ছ’চিয়েল মিডিয়াৰ বিশ্বজুৰি জনপ্ৰিয়তা বৃদ্ধি পােৱাৰ সময়তে একাংশ দেশে এইসমূহৰ জৰিয়তে কৰ সংগ্ৰহ বৃদ্ধিৰ বাবে বিভিন্ন পন্থা হাতত লৈছে।

এইবাৰ অনলাইনত গ্ৰাহকক সেৱা নাইবা সামগ্ৰী বিক্ৰী কৰা কােম্পানীসমূহৰ ওপৰত ১੦ শতাংশ ভেট্ আৰােপ কৰিছে এখন দেশে।

দেশীয় কোম্পানী এই নিয়মৰ আওতাঁত নপৰে। পিছে ভাৰতত নহয় এই নিয়ম।

ইণ্ডোনেছিয়াৰ চৰকাৰে প্ৰৱৰ্তন কৰিছে এই নতুন নিয়ম।

দক্ষিণ এছিয়াৰ বৃহৎ ৰাষ্ট্ৰ খনে প্ৰৱৰ্তন কৰা এই নিয়মৰ আওতাত পৰিছে ফেচবুক, ডিজ্নী, টিকটক, নেটফ্লিক্স, এলেক্সা, এমাজােন, গুগল, স্প’টিফাই।

অৱশ্যে ফেচবুক, টিকটক, ডিজনী আৰু এলেক্সা এই নিয়মৰ অধীনত অহা ১ ছেপ্টেম্বৰৰ পৰাহে অন্তৰ্ভুক্তি হ’ব বুলি ঘোষণা কৰে।

বাকীসমূহৰ ওপৰত চৰকাৰে যোৱা মাহৰ পৰাই চৰকাৰে ১০% ভেট নিৰ্ধাৰণ কৰি দিছিল।

ইণ্ডোনেছিয়াৰ বাহিৰৰ কোম্পানীসমূহে তাত ব্যৱসায় কৰাৰ বাবে ভৰিব লাগিব এই ১০% ভেট।

কৰণা মহামাৰীৰ বাবে দেশখন সন্মুখীন হয় বহুতো লোকচানৰ।

দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত ইণ্ডোনেছিয়াৰ চৰকাৰে এই পদক্ষেপ লয় বুলি কয়। ফেচবুকে এই নিয়মৰ প্ৰতি ইতিমধ্যে সহাঁৰি দিছে।

উল্লেখ্য যে থাইলেণ্ড আৰু ফিলিপাইনচেও বিদেশী কোম্পানীৰ ওপৰত ক্ৰমে ৭% আৰু ১২% ভেট প্ৰয়োগ কৰিছে।