
নিষিদ্ধ ড্ৰাগছৰ ক’ৰিডৰত পৰিণত মিজােৰাম, ১੦.৪ কােটি মূল্যৰ ড্ৰাগছ্ জব্দ
August 8, 2020নিউজ ডেস্ক। প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ভয়ংকৰ হাৰত সৰবৰাহ হৈছে নিষিদ্ধ ড্ৰাগছ।
যুৱ প্ৰজন্মৰ একাংশই ড্ৰাগছৰ নিচাত যেন হৈ পৰিছে দিকভ্ৰান্ত!

সংঘঠিত কৰিছে অপৰাধজনিত ঘটনা। আনকি ড্ৰাগছৰ কবলত পৰি বহু যুৱক-যুৱতীয়ে হেৰুৱাইছে প্ৰাণ।
ধ্বংস হৈছে বহু সুখী পৰিয়াল।
এই ড্ৰাগছ্ সৰবৰাহৰ মুখ্য ক’ৰিডৰ হৈ পৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য মিজােৰাম।
আৰক্ষীয়ে এই ক্ষেত্ৰত যুদ্ধংদেহী পদক্ষেপ গ্ৰহণ কৰিছে যদিও যেন নিয়ন্ত্ৰণ কৰিব পৰা নাই ড্ৰাগছৰ অবাধ বেহা।

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আছাম ৰাইফলছে।
পুনৰ সেই কথাই সত্যতা প্ৰমাণ কৰিছে এক ঘটনাই।
অসম ৰাইফলছৰ এক অভিযানত জব্দ কৰা হয় প্ৰায় ১০:৫০ কোটি মূল্যৰ Methamphetamine টেবলেট।
Troops of #AssamRifles Aizawl Battalion in an operation along with personnel of Narcotics department recovered huge quantity of Methamphetamine Tablets worth approx Rs 10.5 Crore from a drug peddler in Champhai district on 06 Aug. @PIBHomeAffairs @ANI pic.twitter.com/5gY7X9iWyt
— The Assam Rifles (@official_dgar) August 6, 2020
এই অভিযানত ম্যানমাৰৰ তাহানৰ এজন আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দলটোৱে।
ড্ৰাগছৰ এনে অবাধ বেহাই ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু দেশলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি।
সীমান্তইদি সৰবৰাহকাৰীয়ে কৰা এই কৰ্মৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হব বুলি কৈছে মিজোৰাম অসম ৰাইফলছ (পূৱ) ৰ মহাপৰিদৰ্শক জনে।