দেশৰ সৰ্বাধিক কৰ্কট ৰোগীৰে শীৰ্ষত উত্তৰ পূবৰ এখন জিলা

দেশৰ সৰ্বাধিক কৰ্কট ৰোগীৰে শীৰ্ষত উত্তৰ পূবৰ এখন জিলা

August 20, 2020 0 By NEWS DESK

মানৱ দেহৰ এক অতি ভয়ানক ৰোগ হ’ল কৰ্কট অথবা কেন্সাৰ।

বৰ্তমান এই ৰোগত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।

এই ৰোগত আক্ৰান্তৰ সংখ্যাই দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামৰ আইজল জিলাই।

মঙ্গলবাৰে নেশ্যনেল কেন্সাৰ ৰেজিষ্ট্ৰী প্ৰ’গ্ৰেমে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা।

২০১২-২০১৬ লৈকে ৫ বছৰীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।

তথ্য অনুসৰি আইজল জিলাত প্ৰতি এক লাখ লোকৰ ২৬৯.৪ জন লোক আক্ৰান্ত হয় এই ৰোগত।

জিলা খনত প্ৰতি এক লাখত ২০৭ জন পুৰুষ আৰু ১৭২.৩ গৰাকী মহিলা আক্ৰান্ত হয় এই ৰোগত।

ইয়াৰোপৰি এছিয়াৰ ভিতৰত জিলাখনৰ সৰ্বাধিক পুৰুষ সকল পেটৰ কৰ্কট আৰু মহিলা সকল কলিজাৰ কৰ্কটত আক্ৰান্ত হয় আৰু কলন কৰ্কটটো শীৰ্ষত এই জিলা।

২০১২-২০১৬ ৰ ভিতৰত জিলা খনত মুঠ আক্ৰান্ত হয় ৮০৫৯ গৰাকী লোক।

প্ৰতিবেদনত প্ৰকাশ পায় যে মিজোৰামত ০-৭৪ বছৰৰ লোকৰ প্ৰতি ৫ জনৰ ১ জনৰ দেহত এই ৰোগ চিনাক্ত হয়।

কিন্তু আইজলত প্ৰতি ৪ জন পুৰুষৰ এজনৰ দেহত আৰু প্ৰতি ৫ গৰাকী মহিলাৰ এগৰাকীৰ দেহত ধৰা পৰে এই ৰোগ।

সেয়েহে মিজোৰামৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালকালক ডাঃ এৰিক যুমাৱায়াই সকলোকে ধপাঁত, পুৰা মাংস আৰু অস্বাস্থ্যকৰ জীৱন শৈলী পৰিত্যাগ কৰিবলৈ জনাইছে।

উল্লেখ্য যে আইজল জিলাৰ পিছতে এই তালিকাত স্থান লাভ কৰিছে মেঘালয়ৰ পূৱ খাছী পাৰ্বত্য জিলা, অসমৰ কামৰূপ মহানগৰ জিলা আৰু অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলা।

এই জিলা কেইখনৰ প্ৰতি এক লাখত ক্ৰমে ২২৭.৯, ২১৩ আৰু ২১৪.১ জন লোক আক্ৰান্ত হয়।

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক লোক ধপাঁতৰ বাবে এই ৰোগত আক্ৰান্ত হয় আৰু বিশেষকৈ মেঘালয়ৰ পূৱ খাছী জিলাৰ লোক ধপাঁতৰ বাবে বেছি আক্ৰান্ত হয় বুলি প্ৰতিবেদনত প্ৰকাশ পায়।