দেশত দুই শতাধিক চিকিৎকৰ প্ৰাণ ল’লে ক’ৰনাই, পুনৰ মৃত্যু ক’ভিড যােদ্ধাৰ

দেশত দুই শতাধিক চিকিৎকৰ প্ৰাণ ল’লে ক’ৰনাই, পুনৰ মৃত্যু ক’ভিড যােদ্ধাৰ

August 11, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। দেশজুৰি ক’ভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছে ক’ভিড যােদ্ধাসকলে।

প্ৰথম শাৰীৰ ক’ভিড যােদ্ধাসকলৰ বাবেই ৰক্ষা পৰিছে লাখ লাখ লােকৰ।

কিন্তু তাৰ মাজতে প্ৰাণ হেৰুৱাইছে বহু ক’ভিড যােদ্ধাই।

বিশেষকৈ দেশত এই পৰ্যন্ত দুই শতাধিক চিকিৎসকে ক’ৰনাত প্ৰাণ হেৰুৱাইছে।

পুনৰ এগৰাকী চিকিৎসকৰ মৃত্যু হ’ল কভিড-১৯ত আক্ৰান্ত হৈ।

যোৱা ৪ মাহ ধৰি কভিড যোদ্ধা হিচাপে কৰ্মৰত হৈ থকা চিকিৎসক জন হল ডাঃ মহম্মদ আশ্ৰাফ মিৰ।

চিকিৎসকজনৰ জম্মু-কাশ্মীৰৰ বাসিন্দা।

কৰাক ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসক জনক ভৰ্ত্তি কৰোৱা হৈছিল শ্ৰীনগৰৰ শ্বেৰে কাশ্মীৰ ইনষ্টিটিউট অব মেডিকেল চাইন্সজত।

কিন্তু ক’ৰনাৰে যুঁজি অৱশেষত প্ৰাণ গ’ল চিকিৎসকজনৰ।

তেওঁৰ মৃত্যুৱে সমগ্ৰ কাশ্মীৰত এতিয়া শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে জম্মু কাশ্মীৰত দ্ৰুত হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

বৰ্তমানলৈকে প্ৰায় ২৪০০০ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৭০ জনৰ মৃত্যু হৈছে ভূ-খণ্ডভাগত।

উল্লেখ্য যে ভাৰতীয় চিকিৎসা সংস্থাৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি দেশত বৰ্তমানলৈকে ২০০ জন চিকিৎসকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে।