দুই জ্যেষ্ঠ IPS বিষয়াক CRPF ৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি

দুই জ্যেষ্ঠ IPS বিষয়াক CRPF ৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি

August 8, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। জ্যেষ্ঠ IPS বিষয়া পি এছ ৰণপিছেক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে।

তেওঁ ১৯৯৫ বেটচৰ উৰিষ্যা কেডাৰৰ IPS বিষয়া।

শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উৰিষ্যাৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে বিষয়াজনক ৫ বছৰৰ বাবে ডেপুটেচনত নিযুক্তি দিয়া হৈছে।

This image has an empty alt attribute; its file name is wqsd-copy.jpg

তেওঁ বৰ্তমান উৰিষ্যাৰ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যনিবাহ কৰি আছিল।

উল্লেখ্য যে ২০১৩ ত তেওঁ উৰিষ্যাৰ মহাপৰিদৰ্শক হিচাপে কৰ্তব্য সম্পাদন কৰিছিল।

ইপিনে, CRPF ত ডিআইজি হিচাপে কৰ্মৰত IPS বিষয়া চােনল ভি মিশ্ৰক পদােন্নতি দি মহাপৰিদৰ্শক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

This image has an empty alt attribute; its file name is crpf.jpg

উল্লেখ্য যে ২੦੦੦ বেটচৰ তামিলনাডু কেডাৰৰ IPS বিষয়া চােনল মিশ্ৰ।