
জুবিনে ৰাজ্যত সুৰা বন্ধ অভিযান আৰম্ভ কৰক, মই গামোচা আৰু ফুলৰ মালা পিন্ধামঃ আৰ পি শৰ্মা !
August 14, 2020অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ।
এইবাৰ জুবিন গাৰ্গক ৰাজ্যত সুৰা বিৰোধী অভিযান আৰম্ভ কৰিবলৈ আহ্বান প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ ।
আৰ পি শৰ্মাই কয়- ‘জুবিনক আক্ৰমণ কৰা ঘটনাটো দুৰ্ভাগ্যজনক, কোনো সভ্য লোকে বা সমাজে ইয়াৰ সমৰ্থন নকৰে। জুবিন আমাৰ সম্পদ হয় ।’

‘জুবিনে যদি আবকাৰী বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ হৈ সুৰা বিৰোধী অভিযান চলাই মই গৈ মালা পিন্ধাই দিম।’
লগতে কয়- ‘জুবিনে জিলাই জিলাই গৈ সুৰা বন্ধ অভিযান আৰম্ভ কৰক । এই কাম কৰিব পাৰিলে গামোচা আৰু ফুলৰ মালা পিন্ধাম ।’

আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৮০খন আসন লাভ কৰিব বুলি মন্তব্য কৰি আৰ পি শৰ্মাই কয়- AIUDFৰ সৈতে মিত্ৰতা হ’লে সমস্যা একো নাই। বিজেপিয়ে মিছন ১০০ ৰ সপোন এনেই দেখি আছে।