জনতাৰ এম্বেছাডৰ হ’লে বেলেগ কথা কিন্তু জুবিন গেৰুৱা এম্বেছাডৰ হ’ল, সমৰ্থন নকৰোঃ তৰুণ গগৈ !

জনতাৰ এম্বেছাডৰ হ’লে বেলেগ কথা কিন্তু জুবিন গেৰুৱা এম্বেছাডৰ হ’ল, সমৰ্থন নকৰোঃ তৰুণ গগৈ !

August 13, 2020 0 By NEWS DESK

এইবাৰ জুবিন গাৰ্গৰ তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ।

জুবিনক গেৰুৱা ৰঙৰ এম্বেছাডৰ আখ্যা দিলে তৰুণ গগৈয়ে ।

তৰুণ গগৈয়ে কয়- ‘জুবিনে গানৰে সাংস্কৃতিক বিপ্লৱ কৰিব পাৰিব । কিন্তু কৃষি ক্ষেত্ৰত ব্ৰেণ্ড এম্বেচাডৰ বাবে উপযুক্ত বুলিও নাভাবো ।’

UB Photos

গগৈয়ে লগতে কয়- ‘জুবিন গাৰ্গ গেৰুৱা ৰঙৰ এম্বেচাদৰ হ’লে মই কেনেকৈ সমৰ্থন কৰিম ? জনতাৰ এম্বেচাডৰ হ’লেহে তেওঁৰ জনপ্ৰিয়তা থাকিল হেঁতেন ।’

দিছপুৰস্থিত চৰকাৰী আৱাসত সংবাদমেল সম্বোধন কৰি এই মন্তব্য তৰুণ গগৈৰ ।

UB Photos

আনহাতে, কৃষি বিভাগ ফেইল মাৰিলে বাবেই জুবিন গাৰ্গৰ সহায় লোৱা বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ।

লগতে গগৈয়ে কয়, শিল্পী বা অন্য সকলো লোককে বিজেপিৰ হাতৰ মুঠিত আনিব বিচাৰিছে । বিজেপিয়ে জানে শিল্পীসকলে যদি বিৰোধিতা কৰে তেন্তে তেওঁলোকৰ আৰু বিপদ হ’ব ।’