চীনৰ আগ্ৰাসন মাজতে হঠাতে অসমত উপস্থিত সেনা প্ৰধান নাৰাৱানে

চীনৰ আগ্ৰাসন মাজতে হঠাতে অসমত উপস্থিত সেনা প্ৰধান নাৰাৱানে

August 7, 2020 0 By NEWS DESK

দিব্যজ্যােতি ৰাজখােৱা। পুনৰ জটিলতালৈ গতি কৰিছে ভাৰত চীন সীমা বিবাদ।

লাডাখৰ ভূমি বিবাদৰ লগতে অৰুণাচলৰ চীন সীমান্তৱৰ্তী অঞ্চলক লৈ বিশেষ সতৰ্কতা পালন কৰিছে ভাৰত চৰকাৰে।

সেই উদ্দেশ্যেৰে বৃহস্পতিবাৰে সেনা প্ৰধান মনোজ মুকুন্দ নাৰাৱানে উপস্থিত হয়হি তেজপুৰৰ সেনা ছাউনীত।

সেনা প্ৰধানগৰাকীয়ে শীৰ্ষ সেনা বিষয়াৰে বৈঠকত মিলিত হৈ বুজ লয় শেহতীয়া পৰিস্থিতিৰ।

উল্লেখ্য যে চীন সীমান্ত তদাৰকৰ দায়িত্বত আছে তেজপুৰস্থিত সেনা ছাউনী। সেয়েহে সেনা প্ৰধানজন উপস্থিত হয় তেজপুৰত।