
কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অসম আৰক্ষীৰ আন এগৰাকী জোৱানে…
August 8, 2020ৰিপ’ৰ্টঃ নিউজ ডেক্স- অসমত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।
প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ।
প্ৰাণ হেৰুৱাইছে অসম আৰক্ষীৰ বহু কেইগৰাকী কৰ’ণা যোদ্ধাই ।
শুক্ৰবাৰে পুনৰ কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ গ’ল এগৰাকী অসম আৰক্ষীৰ জোৱানক ।
মৃত জোৱানজন নাম লক্ষেশ্বৰ হাজৰিকা ।
নগাঁও আৰক্ষীত কৰ্মৰত আছিল মৃত আৰক্ষী জোৱান হাজৰিকা ।
কৰ’ণাৰ সৈতে যুঁজ দি অৱশেষত হাৰ মানিলে জোৱান লক্ষেশ্বৰ হাজৰিকাই ।
হাজৰিকাৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে ।