কাৰিকৰী বিজুতি! ভাৰতত জৰুৰী অৱতৰণ কৰিলে শ্ৰীলংকাৰ বায়ু সেনাৰ বিমানে

কাৰিকৰী বিজুতি! ভাৰতত জৰুৰী অৱতৰণ কৰিলে শ্ৰীলংকাৰ বায়ু সেনাৰ বিমানে

August 8, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। কেৰালাৰ বিমান দুৰ্ঘটনাৰ পিছদিনাই ভাৰতত শুকুৰবাৰে জৰুৰী অৱতৰণ কৰে শ্ৰীলংকা বায়ু সেনা বাহিনীৰ এখন পৰিবহন বিমান।

শ্ৰীলংকাৰ পৰা উৰণৰ পাছতেই গুৰুতৰ কাৰিকৰী সমস্যাৰ বাবেই গোৱাৰ নৌ সেনা বাহিনীৰ INS HANSA ত জৰুৰী অৱতৰণ কৰে AN-32 নামৰ বিমানখনে।

ইউক্ৰেইনলৈ যোৱাৰ পথত বিমানখন এই সমস্যাৰ সন্মুখীন হয়।

পৰৱৰ্তী সময়ত ভাৰতৰ নৌ সেনাৰ অভিযন্তাই সমস্যা ধৰা পেলাই মেৰামতি কৰি ভাল কৰে বিমানখন।

ভাৰতৰ নৌসেনা ই ব্যৱহাৰ কৰা Illyusin Il-38 আৰু Ivchenco AI-20 হৈছে সেই বিমানৰ সম ক্ষমতা সম্পন্ন ইঞ্জিন।

ইয়াৰ পিছতেই শ্ৰীলংকাৰ দূতাবাসে টুইট যোগে ভাৰতৰ নৌ সেনাক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু দুই দেশৰ মাজৰ এইয়া বন্ধুত্ব পূৰ্ণ সম্বন্ধ আৰু সহযোগিতাৰ চিন বুলি প্ৰকাশ কৰে।

শ্ৰীলংকাৰ বায়ু সেনা বাহিনীয়েও এই সহায়ৰ বাবে কৃতজ্ঞ বুলি জনায় শ্ৰীলংকাস্থিত ভাৰতৰ উচ্চায়ুক্তক।

শনিবাৰে বিমান কেইখন পুনৰ ইউক্ৰেনলৈ যাত্ৰা কৰে বুলি জানিব পৰা গৈছে।