
উদণ্ড বাইক চালকৰ বাবে সংঘটিত পথ দুৰ্ঘটনাত মেধাৱী ছাত্ৰীৰ কৰুণ মৃত্যু
August 11, 2020নেশ্যনেল ডেস্ক। এগৰাকী তীক্ষ্ণ বুদ্ধি সম্পন্ন মেধাৱী ছাত্ৰীৰ কৰুণ মৃত্যু।
অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰীয়ে নিজ মেধাৰ বলত আমেৰিকাৰ অধ্যয়নৰ বাবে লাভ কৰিছিল বিশেষ জলপানি।
পৰিয়ালৰ বাবে এক সােণালী ভৱিষ্যতৰ সম্বল আছিল ছাত্ৰীগৰাকী।
কিন্তু এক ৰহস্যজনক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকােৱালি ল’লে সুদীক্ষা নামৰ ছাত্ৰীগৰাকীয়ে।

ছাত্ৰীগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশৰ বুদ্ধ নগৰত।
জানিব পৰা মতে, সোমবাৰে খুৰাকৰ লগত চিকণ্ডৰাবাডত সম্বন্ধীয় লোকক লগ কৰিবলৈ যাওঁতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় সুধিক্ষাই।

পৰিয়ালৰ লােকে অভিযােগ কৰা অনুসৰি, বাইক ষ্টান্ট কৰা একাংশ উদণ্ড যুৱকৰ বাবেই সংঘটিত হ’ল এই দুৰ্ঘটনা।
উদণ্ড বাইক চালকৰ বাবেই খুৰাকে চলাই গৈ বাইকখন নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হয়।
যাৰ ফলত জোৰত ব্ৰেক মৰাত সুধীক্ষা বাইকৰ পৰা পৰি যায়। আৰু লগে লগেই মৃত্যু হয় সুধিক্ষাৰ।

উল্লেখ্য যে ২০১৮ ত সুধিক্ষাই দশম শ্ৰেণীত ৰাজ্য খনৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ পিছতে আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণৰ বাবে সুধিক্ষাই বক্সন কলেজৰ পৰা ৩.৮৩ কোটি টকা জলপানি লাভ কৰিছিল।