
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়-পৈতৃক সম্পত্তিত কন্যা সন্তানৰ থাকিব সমান অধিকাৰ !
August 11, 2020ৰিপ’ৰ্টঃ নিউজ ডেক্স- উচ্চতম ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দান ।
এতিয়াৰে পৰা পৈতৃক সম্পত্তিত কন্যা সন্তানৰ থাকিব সমান অধিকাৰ ।
মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায় প্ৰদান কৰে ।
ন্যায়ধীশ অৰুণ মিশ্ৰৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায়দান ।
হিন্দু উত্তৰাধিকাৰ সংশোধনী আইন ২০০৫ ৰ ভিত্তিত এই ৰায় প্ৰদান কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ।
ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পিতৃৰ মৃত্যু হলেও পুত্ৰ সন্তানৰ সমানে কন্যা সন্তানেও পাব সম্পত্তিৰ ভাগ ।
এই ৰায়ৰ মতে জন্মৰ লগে লগে কন্যা সন্তানে পাব পৈতৃক সম্পত্তিৰ সমান ভাগ ।