
আৰক্ষীক লক্ষ্য কৰি উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ ! দুজন ছহিদ…
August 14, 2020স্বাধীনতা দিৱসৰ ঠিক এদিন পূৰ্বেই সন্ত্ৰাসবাদীৰ ধাৰাষাৰ গুলীত নিহত আৰক্ষী ।
দেশৰ ৭৪ তম্ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সংঘটিত হৈছে ভয়ংকৰ কুতাঘাট ।
শুকুৰবাৰে পুৱা সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলী চালনাত ছহিদ হ’ল দুজনকৈ জম্মু কাশ্মীৰ আৰক্ষীৰ জোৱান।
আনহাতে গুৰুতৰ ভাৱে আহত হয় এজন জোৱান ।
শ্ৰী নগৰত সংঘটিত হৈছে এই ভয়ানক কুতাঘাট ।
আক্ৰমণৰ ঘটনাটোত চহিদ হোৱা আৰক্ষী কৰ্মী দুজনৰ এজন মহম্মদ আশ্রফ আৰু আনজন ইছফাক আহমদ বুলি চিনাক্ত কৰা হৈছে ।
কুতাঘাটৰ আঁৰত কোন আছে এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে ।
নাউগাম বাইপাছত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলী বৰ্ষণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে।
আক্ৰমণৰ পিছত আহত তিনিগৰাকী জোৱানক চিকিৎসালয়লৈ নিয়া হয় যদিও দুজনক মৃত ঘোষণা কৰে চিকিৎসকে।
শনিবাৰে দেশে উদযাপন কৰিব লগা স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত ই হৈ পৰিছে এতিয়া চৰম শংকাৰ কাৰণ