আলফা(স্বা)-মণিপুৰী উগ্ৰপন্থীৰ কূটাঘাতঃ মণিপুৰত উপস্থিত আছাম ৰাইফলছৰ মুৰব্বী

আলফা(স্বা)-মণিপুৰী উগ্ৰপন্থীৰ কূটাঘাতঃ মণিপুৰত উপস্থিত আছাম ৰাইফলছৰ মুৰব্বী

August 8, 2020 0 By NEWS DESK

নিউজ ডেস্ক। আইন শৃংখলা, অভিযান আৰু নিৰাপত্তা সম্বন্ধীয় পৰিৱেশ-পৰিস্থিতিৰ বুজ ল’বলৈ বাবে বৃহস্পতিবাৰে মণিপুৰত উপস্থিত হয় অসম ৰাইফলছৰ সঞ্চালক প্ৰধান সুখদীপ সংৱান।

উল্লেখ্য যে কিছুদিন পূৰ্বে আলফা (স্বা)কে ধৰি ৩ মণিপুৰী উগ্ৰপন্থী সংগঠনে ম্যানমাৰ সীমান্তত যৌথভাৱে আক্ৰমণ চলাইছিল নিৰাপত্তা বাহিনীৰ ওপৰত।

এই ঘটনাত অসমৰ জােৱান প্ৰণয় কলিতাৰ লগতে নাগালেণ্ড তথা মণিপুৰৰ দুজন জােৱান শ্বহীদ হৈছিল।

ইয়াৰ মাজতে সঞ্চালক প্ৰধানজনে অসম ৰাইফলছৰ মহাপৰিদৰ্শক (দক্ষিণ) ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ এখন নিৰপত্তা সংক্ৰান্তীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।

অসম ৰাইফলছ বাহিনীৰ অভিযান সন্দৰ্ভত বুজ লয় তেওঁ।

ৰাজ্যখনত নিৰাপত্তাৰ দিশটোত অসম ৰাইফলছ (দক্ষিণ) শাখাই লোৱা পদক্ষেপক প্ৰশংসা কৰিছে সঞ্চালক প্ৰধানজনে।

লগতে কভিড-১৯ ৰ সময়ছোৱাত ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ, চিকিৎসা সেৱা, বৃদ্ধ লোকসকলক কৰা সহায়,মহিলা, শিশু আৰু স্থানীয় লোকসকলৰ বাবে লোৱা বিভিন্ন পদক্ষেপ সমূহৰ বাবেও উচ্চ প্ৰশংসা কৰে।

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে কঠোৰ হবলৈও নিৰ্দেশ দিয়ে সঞ্চালক প্ৰধান জনে।

বৃহস্পতিবাৰে অসম ৰাইফলছৰ জন সম্পৰ্কৰক্ষী বিষয়াই প্ৰেছ বিবৃতি যোগে জনায় এই কথা।