
আছু আৰু কংগ্ৰেছে ভয় কৰে ডাঃ হিমন্তবিশ্ব শৰ্মাকঃ মন্ত্ৰী পিয়ুষ হাজৰিকা
August 14, 2020মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বিত্ত, স্বাস্থ্য আদিৰ মন্ত্ৰী ডাঃ হিমন্তবিশ্ব শৰ্মাৰ ।
ডাঃ হিমন্তবিশ্ব শৰ্মা এজন অতি সফল মন্ত্ৰী ।
আছু আৰু কংগ্ৰেছক প্ৰত্যুত্তৰ দি তেজপুৰত এই বিস্ফোৰক মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ।
আছু আৰু কংগ্ৰেছে ভয় কৰে ডাঃ হিমন্তবিশ্ব শৰ্মাক ।
সেইবাবে বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লৈ সকলোৱে ।

কিয়নো হিমন্ত বিশ্ব শৰ্মা থকালৈকে আছুয়েই হওক বা কংগ্ৰেছেই হওক কোনেও বিজেপিক হৰুৱাব নোৱাৰে।
ইফালে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে নে বুলি সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী পিয়ুষ হাজৰিকাই কয়- ‘যিহেতু হিমন্ত বিশ্ব শৰ্মা ২০ বছৰ ৰাজনীতিৰ পথাৰত আছে। আৰু মুখ্যমন্ত্ৰী পতা দায়িত্ব দল আৰু বিধায়কৰ ।’
মন্ত্ৰী ডাঃ হিমন্তবিশ্ব শৰ্মাক আছুৱে চুপাৰ CM আৰু কংগ্ৰেছে মুখ্যমন্ত্ৰী হ’ব নোৱাৰি হতাশাত ভূগিছে বুলি সমালোচনা কৰাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীয়ুষ হাজৰিকাই এই বিস্ফোৰক মন্তব্য কৰে ।