আচৰিত ! কেমেৰাৰ সন্মুখত নিজে নিজেই জ্বলি ছাঁই হৈছে এগৰাকী মহিলাৰ গাৰ কাপোৰ…

আচৰিত ! কেমেৰাৰ সন্মুখত নিজে নিজেই জ্বলি ছাঁই হৈছে এগৰাকী মহিলাৰ গাৰ কাপোৰ…

August 14, 2020 0 By NEWS DESK

শুনিলে বিশ্বাস কৰিব নোৱাৰা এক আচৰিত ঘটনা ।

কেমেৰাৰ সন্মুখত নিজে নিজেই জ্বলি ছাঁই হৈছে এগৰাকী মহিলাৰ গাৰ কাপোৰ ।

নাথাকে কোনো অগ্নিৰ শিখা । কেৱল ধোৱা ওলাই আৰু ছাঁই হৈ যায় সকলো । 

লখিমপুৰৰ নাৰায়ণপুৰৰ দ্ৰোপাং গাঁৱৰ এঘৰ মানুহৰ ঘৰত সংঘটিত হৈছে এই আজৱ ঘটনা ।

যিকোনো সময়তে য’তে ত’তে আপোনা আপুনি জ্বলি উঠে ঘৰখনৰ সকলোবোৰ বস্তু ।

গাঁৱখনৰ বলো শইকীয়া নামৰ লোকজনৰ ঘৰত যোৱা ৪দিন ধৰি সংঘটিত হৈ আহিছে এই আচৰিত ঘটনা ।

ঘৰখনত প্ৰতিদিনেই ইখনৰ পিছত সিখনকৈ কাপোৰ, বিছনাৰ লেপ-তুলি, ধানৰ বস্তাকে ধৰি সকলো বস্তু নিজে নিজে জ্বলি ছাঁই হৈ আহিছে ।

শেহতীয়াকৈ বলো শইকীয়াৰ বোৱাৰীয়েক মমী শইকীয়াই পিন্ধি থকা গাৰ কাপোৰত নিজে নিজেই ধোৱা ওলাই জ্বলি উঠাৰ এক অদ্ভূত দৃশ্য কেমেৰাত বন্দী হৈছে

ইতিমধ্যে বিভিন্ন লোকে ভীৰ কৰিছেহি ঘৰখনত ।

গাৱঁৰ ৰাইজৰ দান বৰঙণিৰে অহা শণিবাৰে ঘৰখনত আয়োজন কৰিছে নাম কীৰ্তন ।