
অপেক্ষাৰ অন্ত! অৱশেষত ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰ’ণাৰ ভেকচিন !
August 11, 2020ৰিপ’ৰ্টঃ নিউজ ডেক্স- অৱশেষত অপেক্ষাৰ অন্ত পেলাই বিশ্ব বাসীৰ বাবে আহিল ভাল খবৰটো ।
বিশ্বজুৰি কৰ’ণাই সন্ত্ৰাসী ৰূপ ধাৰণ কৰি থকাৰ সময়তে ৰাছিৰ পৰা আহিল ভাল খবৰটো ।
ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰ’ণা ভাইৰাছৰ ভেকচিন ।
মংগলবাৰে আনুষ্ঠানিকভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভালদিমিৰ পুটিনে সদৰি কৰিলে এই কথা ।
বিশ্বৰ প্ৰথমটো ভেকচিনক ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে মঞ্জুৰি প্ৰদান কৰিছে ।
ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্যত প্ৰকাশ পোৱা মতে ভেকচিনটোৰ ব্যৱহাৰকলৈ তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে ।
ৰাছিয়াৰ গামালয়া ৰিচাৰ্ছ ইনষ্টিটিউতত প্ৰস্তুত কৰা হৈছে কৰ’ণাৰ এই ভেকচিন।
উল্লেখ্য যে, ৰাছিয়াত প্ৰথমে কৰ’ণাৰ ভেকচিন স্বাস্থ্য কৰ্মী, অধ্যাপক সকলক দিয়া হ’ব ।
ৰাছিয়াৰ সমগ্ৰ জনতাক সম্পূৰ্ণ বিনামূলীয়াকৈ এই ভেকচিন দিয়া হ’ব ।
উল্লেখ্য যে, কিছুদিনৰ ভিতৰতেই ভেকচিন উৎপাদনৰ প্ৰক্ৰিয়া ।