
অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ শিল্পী মানস ৰবীনৰ ২ লাখ টকাৰ অনুদান !
August 18, 2020অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ শিল্পী মানস ৰবীনে আগবঢ়ালে ২ লাখ টকাৰ অনুদান।
ফেচবুক যোগে অনুদান আগবঢ়োৱাৰ কথা ব্যক্ত কৰে জনপ্ৰিয় শিল্পী গৰাকীয়ে।
উল্লেখ্য যে, প্ৰায় ৮ মাহে কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ।
অখিলক মুক্তি দিবৰ বাবে ৰাজ্যবাসীৰ প্ৰতিবাদো অসাৰ প্ৰতিপন্ন হ’ল।
অখিলৰ ওপৰত জাপি দিয়া হৈছে ইটোৰ পিছত সিটো গোচৰ।
সেয়ে এইবাৰ উচ্চ ন্যায়ালৰ দাৰস্থ হ’বলৈ সাজু হৈছে অখিল গগৈ।
যাৰ বাবে ধনৰ প্ৰয়োজন বুলি জানিবলৈ দিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বিচাৰিছিল ৰাইজৰ পৰা সহায়।

যাৰ বাবে অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ মানস ৰবীনে আগবঢ়ালে ২ লাখ টকা।
মানস ৰবীনে কয়- ‘অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ মই মোৰ ফালৰ পৰা আজি দুই লাখ টকা আগবঢ়ালোঁ।
ৰাইজৰ হৈ মাত মাতি বন্দী জীৱন কটোৱা মানুহজনক মোকলাই অনাৰ দায়িত্বও ৰাইজেই ল’ব লাগিব।
ৰাইজে নিজৰ দায়িত্বলৈ পিঠি দিলে নেতা নিজক লৈ ব্যস্ত হোৱাটো স্বাভাৱিক।
অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈকে ৰাইজে টঙালি বান্ধক ।
কথাতে কয় নহয় বোলে ৰাইজে নখ জোকাৰিলে নৈ বয় কৃষক মুক্তিৰ ৰাজহুৱা আহ্বানলৈ সঁহাৰি জনাওক আৰু যিয়ে যেনেকৈ পাৰে অনুদান আগবঢ়াওক। জয় আই অসম।